top of page
Search

1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় সমূহ সঁচাকৈ খুলিব নেকি ?

  • Writer: Kumar Basanta
    Kumar Basanta
  • Aug 23, 2020
  • 1 min read

২৩ আগষ্ট: ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা সন্দর্ভত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে শনিবাৰে এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ টাস্ক ফ’র্চে ২৫ আৰু ২৬ আগষ্টত বৈঠকত মিলিত হোৱাৰ পিছতহে স্কুল খোলা সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰিছে৷ আমিনগাঁৱত এক অনুষ্ঠানত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘১ ছেপ্টেম্বৰৰ পৰা স্কুল খুলিবলৈ আমি সাজু হৈ আছোঁ৷ শিক্ষকসকলেও ক’ৰোনাৰ পৰীক্ষা আৰম্ভ কৰিছে৷ কিন্তু এইক্ষেত্রত ৰাইজৰো বিভিন্ন মতামত আহিছে৷ সেয়েহে ৰাইজৰ এই মতামতসমূহ অহা ২৫ আৰু ২৬ আগষ্টত টাস্ক ফ’র্চে আলোচনা কৰিব৷ তাৰ পিছতহে আমি চূড়ান্ত সিদ্ধান্ত ল’ম৷ টাস্ক ফ’র্চে যি সিদ্ধান্ত ল’ব, মই মন্ত্রী হিচাপে সেই সিদ্ধান্তই মানি ল’ব লাগিব৷ টাস্ক ফ’চত অসমৰ শিক্ষাবিদ আৰু শিক্ষক সন্মিলনীসমূহৰ প্রতিনিধি আছে৷ তেওঁলোকে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷’ ইপিনে মন্ত্রীগৰাকীয়ে সকলো শিক্ষককে ক’ৰোনা পৰীক্ষা সম্পন্ন কৰি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে৷ এই প্রসংগত তেওঁ কয় যে সকলো অধ্যাপক–অধ্যাপিকা, শিক্ষক–শিক্ষয়িত্রীক ক’ৰোনা পৰীক্ষা কৰি কর্তব্যত যোগদান কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ৷ লগতে ১ ছেপ্টেম্বৰত গন্তব্য স্থানলৈ যাবলৈ শিক্ষকসকলক সাজু হৈ থাকিবলৈও তেওঁ আহ্বান জনায়৷ .


 
 
 

Recent Posts

See All

Comments


Post: Blog2_Post

8638067066

Subscribe Form

Thanks for submitting!

©2020 by kumarbasanta.com. Proudly created with Wix.com

bottom of page